পতঞ্জলিৰ Covid-19 নিৰাময় কৰা দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ কেন্দ্ৰীয় চৰকাৰৰ

আজি কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে মুকলি কৰা Covid-19ৰ ঔষধত এক প্ৰকাৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে। Press Information Bureauই মুকলি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, চৰকাৰক পতঞ্জলিয়ে তেনে গৱেষণাৰ বিষয়ে পূৰ্বতে অৱগত কৰা নাছিল।কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে গৱেষণা, পৰীক্ষণ আদি কৰি এতিয়া ঔষধটো বজাৰত মুকলি কৰাৰ পিছত চৰকাৰৰ ৰোষত পৰিছে ৰামদেৱ আৰু পতঞ্জলি। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে আয়ুৰ্বেদিক ঔষধৰ তেনে ধৰণৰ দাবী আৰু প্ৰচাৰ Drugs And Magic Remedies (Objectionable Advertisement) Act, 1954ৰ নীতি নিয়মৰে পৰিচালিত হয়। আনহাতে, যোৱা ২১ এপ্ৰিলত আয়ুস মন্ত্ৰণালয়ে Covid-19ৰ আয়ুৰ্বেদিক ঔষধৰ বেলিকা গৱেষণা আৰু অন্য বিধিসমূহ কেনেধৰণৰ হ’ব এই সকলোবোৰ ৰাজপত্ৰিত জাননীৰ যোগেদি অৱগত কৰিছিল।সম্প্ৰতি মন্ত্ৰণালয়ে শীঘ্ৰে পতঞ্জলিক ঔষধৰ নাম, Composition, গৱেষণা প্ৰতিষ্ঠানৰ সবিশেষ, Clinical trialৰ sample size, Institutional Ethics Committeeৰ Clearance, CTRI পঞ্জীয়ন, result data আদি জমা দিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰণালয়ে উত্তৰাখণ্ড চৰকাৰৰ পৰাও পতঞ্জলিক এই ঔষধ প্ৰস্তুতৰ কাৰণে দিয়া অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি বিচাৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *