নুমলীগড়ৰ কাষৰীয়া শ্যামৰায়পুৰৰ বৰচালিত বন্যহস্তীৰ ত্ৰাস

নুমলীগড়ৰ কাষৰীয়া শ্যামৰায়পুৰৰ বৰচালিত বন্যহস্তীৰ ত্ৰাস । বন্যহস্তীৰ আক্ৰমণত একে পৰিয়ালৰ ৰোহিত কুমাৰ নামৰ এজন ৮ বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে গীতা কুমাৰ (মাতৃ), সঞ্জীৱ কুমাৰ(পিতৃ ) নামৰ দুজন লোক গুৰুত্বৰ ভাৱে আহত হয় । হাতীৰ জাকে নিশা পৰিয়ালটো শুই থকা অৱস্থাত অতৰ্কিতে বাসগৃহ টো সম্পূৰ্ণ ৰূপে ঘেৰাও কৰি ভাঙি আক্ৰমণ কৰে ।সমগ্ৰ বৰচালি অঞ্চলটোত প্ৰায় ৫০ টাৰো অধিক বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকটোৱে । কথমপী প্ৰাণ ৰক্ষা পৰে আন কেইবাজনো লোকৰ । বৰ্তমান হাতীৰ জাকটো কাষৰে শ্যামৰায়পুৰ চাহ বাগিচাত আশ্ৰয় লৈ আছে । আজি বহুদিনৰ পৰাই এই অঞ্চলসমুহত বনৰীয়া হাতীসমুহে বনাঞ্চল এৰি জনাঞ্চলত প্ৰবেশ কৰি এক ত্ৰাসJৰ সৃষ্টি কৰা লগতে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে । বৰ্তমান খেতিয়ক সকলে কৃষি কৰ্মৰ বাবে আগ বাহিছে যদিও সেই সোনোৱালী শষ্য সমুহ চপাব যে পাৰিব সেইয়া এক চিন্তনীয় বিষয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *