নাৰায়ণপুৰৰ এটা উৰুখা পঁজাত হাঁহি বিৰিঙিছে

আৰক্ষী উপ পৰিদৰ্শক পদত বাচনি নাৰায়ণপুৰৰ দেৱজিত
নাৰায়ণপুৰৰ এটা উৰুখা পঁজাত হাঁহি বিৰিঙিছে।নাৰায়ণপুৰ ধলপুৰৰ বাগিচাবৰী গাঁৱৰ হৰেন বৰা আৰু অমিলি বৰাৰ পুত্ৰ দেৱজিত বৰাই আৰক্ষী বিভাগৰ কামাণ্ডু বেটেলিয়েন পদত উত্তীৰ্ণ হৈছে৷পিচপৰা গাঁওখনৰ কৃষিজীৱি পৰিয়ালটোৰ মুখলৈ দেৱজিতে কঢ়িয়াই আনিছে হাঁহি আনন্দ।উল্লেখ্য যে দেৱজিতে বহু কষ্টৰে শিক্ষা গ্ৰহণ কৰাৰ মাজতে শাৰিৰীক অনুশীলন কৰি গাঁৱখনলৈ এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *