নাজিৰাত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ।নাজিৰাত অংগনাবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী। নিজৰ প্ৰাপ্য আদায়ৰ দাবীত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে অংগণবাড়ী কৰ্মী সহায়িকাই৷
অংগনবাড়ী কৰ্মী সকলৰ মজুৰি বৃদ্ধি,চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদানৰ দাবীত মঙ্গলবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়নেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷নাজিৰা মহকুমাধিপতি কার্যলয়ৰ সন্মুখত অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কৰ্মী সকলৰ সমস্যাসমূহ সমাধানৰ দাবী জনায়৷
