ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আছিল ৰেডিচন ব্লুত বাহৰ পতা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ “কেম্প ইনচাৰ্জ”।একনাথ সিন্ধেৰ নেতৃত্বত ৰেডিচন ব্লুত বাহৰ পতা বিসম্বাদী বিধায়কৰ সমগ্ৰ দিশ চোৱা-চিতাৰ দায়িত্বত আছিল মন্ত্ৰী পিয়ুষ হাজৰিকা।মথাউৰি ভঙাৰ সময়ত মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাইজৰ লগত নাথাকি ৰেডিচন ব্লুত শিৱ সেনাৰ বিধায়কৰ কেম্প ইনচাৰ্জৰ দায়িত্বত।নলবাৰীত বন্যাৰ্তৰ খবৰ ল’ব আহি সংবাদ মাধ্যমৰ সন্মূখত এই বিস্ফোৰণ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।ইফালে অসমৰ বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ একনাথ সিন্ধেই আগবঢ়োৱা ৫১লাখ টকাৰ সাহায্য নালাগে বুলি মন্তব্য কৰে অখিল গগৈৰ।অখিল গগৈৰ মন্তব্য একনাথ সিন্ধেৰ ৫১’লাখ টকা অসমৰ বন্যাৰ্তৰ বাবে নগণ্য।মহাৰাষ্ট্ৰৰ দুই নম্বৰী বিধায়কৰ সাহায্য নালাগে বুলিও উল্লেখ কৰে অখিল গগৈয়ে।উল্লেখ্য যে অখিল গগৈয়ে আজি নলবাৰীৰ বৰভাগৰ বৰশিমলুৱাত বন্যাৰ্তৰ খবৰ ল’ব আহি আনহাতে অখিল গগৈয়ে বন্যাৰ্ত ৰাইজক বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে অন্যায় কৰিছে।আনহাতে বন্যাৰ্তলৈ চৰকাৰে ৰাইজৰ দুখ দূৰ্দশাক মাত্ৰ ৩৮০০ টকাৰ লগত ৰিজাইছে বুলি কটাক্ষ কৰে।তেওঁ পকী ঘৰ বিধ্বস্ত হোৱা লোকক দহ লাখ টকা আৰু কেচা ঘৰ বিধ্বস্ত হোৱা লোকক পাঁচ লাখ টকা সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চাই বুলি অভিযোগ কৰি অসমক পেকেজ দিয়াৰ ভয়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি অহা নাই বুলি কটাক্ষ কৰে।বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰালৈকে ৰাইজৰ দলে সংগ্ৰাম কৰি যাব।ইফালে ভূটানৰ কুৰিশ্বু বান্ধত অসমৰ ৰাইজে চকু ৰাখিব লাগিব বুলি কৈ ভূটানত থকা নদীবান্ধ বন্ধ কৰাৰ হুংকাৰ দিয়ে।ইফালে বৰভাগৰ দুসুতি মুখত বিগত কুৰি বছৰে নিৰ্মাণ নোহোৱা শ্লুইচ গেটটোও অতিশীঘ্ৰে নিৰ্মাণ কৰা দাবী উত্থাপন কৰে।