নগৰবেৰাত পুনৰ জালত পৰিল লাট মণ্ডল

নগৰবেৰাত পুনৰ জালত পৰিল ঘোচখৰ লাট মণ্ডল।চাৰি হাজাৰ টকা উৎকোচ লওতেই মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল নগৰবেৰা ৰাজহ চক্রৰ লাট মণ্ডল মহেন্দ্র নাথ। ধৃত লাট মণ্ডল গৰাকী নগৰবেৰাৰ নিছিলামাৰী আৰু মালিবাৰী সত্ৰৰ আছিল বুলি জানিব পৰা গৈছে। বসুন্ধৰা ২.০ আচনিৰ অধীনত চলি থকা মাটিৰ জিঅ’ টেগ কৰাৰ বাবে মণ্ডল গৰাকীয়ে তেওৰ লাটৰ এগৰাকী ব্যক্তিৰ পৰা উৎকোচ হিচাপে বিচাৰিছিল উল্লেখিত টকা খিনি। কিন্তু বেচেৰা মহেন্দ্র নাথৰ দিন বেয়া আছিল আজি, হাতলৈ অহা খমখমীয়া পাঁচশ টকীয়া নোট সহ মুঠ চাৰি হাজাৰ টকা হজম কৰিব নোৱাৰি CM Vigilance and anty Corruptionৰ জালত পৰিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *