নগাঁৱৰ লাওখোৱাৰ ৪নং ভূৰবন্ধাত বীজ যোগানৰ নামত দুৰ্নীতিৰ

নগাঁৱৰ লাওখোৱাৰ ৪নং ভূৰবন্ধাত বীজ যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ কৃষক ৰাইজৰ।ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত লাওখোৱাৰ ৪নং ভূৰবন্ধাত বীজ যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কৃষক সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিওঁ একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে বঞ্চিত হবলগীয়া হৈছে প্ৰকৃত কৃষক। ৪নং ভূৰবন্ধাৰ নৈ পৰীয়া কৃষক সকলৰ বাবে চৰকাৰে যোগান ধৰা বাদাম, মটৰ মাহ নহৰুৰ বীজ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে বিতৰণ নকৰি ৱাৰ্ড সদস্য আব্দুল জলিলক বিতৰণ কৰিবলৈ দিছিল। ৱাৰ্ড সদস্যজনে ২১০ কেজি বাদামৰ পৰা ১১৪ কেজি বাদাম বিতৰণ কৰি বাকীখিনি আত্মসাত কৰাৰ অভিযোগ তুলিছে নৈ পৰীয়া কৃষক ৰাইজে। এই সন্দৰ্ভত দায়িত্ব থকা চৰকাৰী গ্ৰাম সেৱকজনক সাংবাদিকে জানিব বিচৰাত নিজৰ দুৰ্নীতিৰ কথা ওলাই পৰাৰ ভয়ত মন্তব্যৰ পৰা বিৰত থাকে দায়ীত্বত থকা গ্ৰাম সেৱকজনে। সমগ্ৰ ঘটনা সন্দৰ্ভত বঞ্চিত নৈপৰীয়া কৃষক ৰাইজে আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *