নগাঁৱৰ টুকটুকীত চাৰি লক্ষাধিক টকাৰ ড্ৰাগচসহ আটক ই-ৰিক্সা চালক

নগাঁৱৰ টুকটুকীত চাৰি লক্ষাধিক টকাৰ ড্ৰাগচসহ আটক ই-ৰিক্সা চালক। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ টুকটুকীত শনিবাৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এজন ই-ৰিক্সা চালক আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আচলতে, ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰচাদ আৰু নগাঁও জিলা অপৰাধ শাখাই এক গোপন সূত্ৰৰ পম খেদি টুকটুকীত এক অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে টুকটুকী নিবাসী চামেদ আলীৰ পুত্ৰ তথা ই-ৰিক্সা চালক আবুল হুছেইনৰ গৃহৰ পৰা এটা মোনাত ভৰাই থোৱা নটা চাবুনৰ বাকচত থকা ১১১ গ্ৰাম হিৰ’ইন আৰু এটা ম’বাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই সংক্ৰান্তত আৰক্ষীয়ে ই-ৰিক্সা চালক আবুল হুছেইনক কৰায়ত্ত কৰে ৷ উদ্ধাৰ কৰা ড্ৰাগচখিনিৰ বজাৰ মূল্য চাৰি লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে । সম্প্ৰতি ধৃত ই-ৰিক্সা চালক আব্দুল হুছেইনক আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷ ইফালে, টুকুটুকীতে আৰক্ষীৰ আন এক অভিযানত চিৰাজুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা পিঞ্জৰাৰ ভিতৰত থকা এটা ডাউক চৰাই, এখন নগা দা, এখন তৰোৱালৰ লগতে এ এছ-০২-ভি ০৪৫১ নম্বৰৰ এখন গ্লেমাৰ মটৰ চাইকেল উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *