নগাঁৱতো অব্যাহত আছে বিলাসী বাহনেৰে গৰু চুৰি কৰা কাণ্ড

28

ৰাজ্যৰ লগতে নগাঁৱতো অব্যাহত আছে বিলাসী বাহনেৰে গৰু চুৰি কৰা কাণ্ড ৷

নিশা নগাঁৱৰ ৰূপহীহাটৰ ফাকলিত বিলাসী বাহনসহ গৰু চোৰ আটক ৷

নগাওঁৰ পৰা বিলাসী বাহনেৰে গৰু চুৰি কৰি আনোতেই নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে নিশা খেদি খেদি আটক কৰে বিলাসী বাহনসহ এটা গৰু চোৰ ৷

ফাকলি ঈদগাহ ৱালত খুন্দা মাৰি দূৰ্ঘটনাত পতিত হয় গৰু চুৰি কৰাত লিপ্ত হোৱা বাহনখন ৷

বিলাসী বাহনখনৰ পৰা আৰক্ষীয়ে এটা গৰুসহ এজনক আটক কৰে আৰু দুজন কৈ চোৰ পলাই যায় ৷

ৰূপহীহাট আৰক্ষীয়ে বাহনখনৰ পৰা নগাৱৰে লাওগাওঁৰ আব্দুল নাছিৰ নামৰ এজন চোৰক আটক কৰিবলৈ সক্ষম হয় ৷

দূৰ্ঘটনা সংঘটিত কৰা গৰু চুৰিত লিপ্ত হোৱা বাহনখনৰ নং AS 06R 4444