নগাঁৱ আৰক্ষীৰ বৃহৎ সফলতা

71

নগাঁৱৰ ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত ৮১টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আটক সৰবৰাহকাৰী ৱাহিদুল ইছলাম।

আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান শলমাৰী দলংৰ পৰা ড্ৰাগছসহ আটক কৰে ৱাহিদুল ইছলামক।

ৱাহিদুলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৮১টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ ১৪০টা খালি কণ্টেনাৰ লগতে কিছু নগদ ধনসহ তিনিটাকৈ মোবাইল ফোন।

আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১২৪গ্ৰাম।

কাৱৈমাৰী আৰক্ষীয়ে ধৃত ৱাহিদুলক জেৰা অব্যাহত ৰাখিছে।