নগাঁও যানবাহন শাখাই জড়িমনা বিহাৰ বাবে গ্ৰহণ কৰিলে নতুন কৌশল

নগাঁৱ চহৰৰ মাজমজিয়াত ৱাৰ্ড কমিচনাৰৰ নেতৃত্বত চলিছে অবৈধ ষ্টেণ্ড৷ নগাঁও চহৰৰ মাজমজিয়াত জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অবৈধভাৱে আছে ষ্টেণ্ডটো৷ বছৰ বছৰ ধৰি চলি অহা অবৈধ ষ্টেণ্ডটোত গাড়ী পাৰ্কিং কৰা আৰু যাত্ৰী উঠোৱাৰ বাবদ গাড়ীচালকৰ পৰা আমানত ধন ১০০০ টকা আৰু প্ৰতিটো টিপত ৩০ ৰ পৰা ৫০ টকা আদায় কৰি আহিছে একাংশই৷ বৰ্তমান এই ষ্টেণ্ডটো অবৈধভাৱে চলায় আহিছে নগাঁও পৌৰসভাৰ 14 নম্বৰ মহলাৰ ৱাৰ্ড কমিচনাৰ মলয় দাসে।

নগাঁৱৰ মাজমজিয়াত এইবোৰ অবৈধ ষ্টেণ্ড আৰু যধেমধে গাড়ী পাৰ্কিং কৰি যানযঁটৰ সৃষ্টি কৰা একাংশক নাকী লগাবলৈ তৎপৰ হৈছে নগাঁও যানবাহন আৰক্ষী৷ মাজেসময়ে যানবাহন আইন উলংঘা কৰা সকলক সতৰ্ক কৰা আৰু জড়িমনা বিহা পৰিলক্ষিত হৈছে৷ তাৰপাছতো একাংশৰ যেন গা নলৰে৷ সেয়ে নগাঁও যানবাহন শাখাই জড়িমনা বিহাৰ বাবে গ্ৰহণ কৰিলে নতুন কৌশল৷ খুলি দিয়া হ’ল একাংশ বাহনৰ চকাৰ পাম্প৷

প্ৰশ্ন হয়, আইন অমান্য কৰিলে শাস্তি হ’বই, কিন্তু এইয়া কেনেধৰণৰ শাস্তি? যিসকলে বৈধ পাৰ্কিং বুলি এখেতসকলক ইমান দিনে আভুৱাভাৰি আহিছে আৰু অবৈধ কৰ সংগ্ৰহ কৰি আহিছে সেইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ব৷ নে শাসনাধিষ্ঠ চৰকাৰৰ পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধি হোৱাৰ বাবে মলয় এণ্ড পাৰ্কিং টিমে ৰেহাই পাব৷
উল্লেখযোগ্য যে নগাঁৱত এনে বহু পাৰ্কিং আছে, যিবোৰ কাৰ আৰ্শীবাদত প্ৰশাসনৰ চকুৰ সন্মুখতেই অবৈধভাৱে চলি আছে সেয়াও এক নুবুজা সাথঁৰ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *