ধৰ্মৰ নামত চলা ৰাজনীতিৰ বাবে বিজেপি চৰকাৰৰ দিনত শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাত “বাতি ভৰাই চিৰা খাবি “গীত

ধৰ্মৰ নামত চলা ৰাজনীতিৰ বাবে বিজেপি চৰকাৰৰ দিনত শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাত “বাতি ভৰাই চিৰা খাবি “গীত ।কিন্তু নীৰৱ অসমৰ মুখ্যমন্ত্ৰী ,কত গল অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী।বিশ্বৰ প্ৰথমখন গণতান্ত্ৰিক দেশ ভাৰতত যুগ যুগ কাল ধৰি প্ৰাচীন ঐশ্বৰীক কালত নাৰায়ণ ,শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰামৰ জীৱন আধাৰত বিশ্বৰ লীলা খেলাৰ ভিত্তিত সমগ্ৰ হিন্দু ধর্মৰ লোকসকলৰ ব্যৱস্থা আজিও চলি আহিছে এয়া সৰ্বজনবিদিত । কিন্তু সাম্প্ৰতিক সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দিনত ধৰ্মক লৈ ৰাজনীতি কৰাৰ বাবে এতিয়া সৰ্বততে হিন্দু ধর্মৰ ওপৰত চলিছে বিভিন্ন পক্ষৰ আক্ৰমণ!যাৰ ফলত অসমত এতিয়া অসমীয়াৰ মুখ্য ধৰ্ম শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ ওপৰত চলিছে বাৰংবাৰ আক্ৰমণ! মূলতঃ ইতিমধ্যে একাধিক বাৰ আক্ৰমণৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘক ধ্বংস কৰাৰ অৰ্থে আন এক সাংস্কৃতিক দল অসমত সৃষ্টি হৈছে। এয়া শাসনাধীষ্ট চৰকাৰৰ এক কু ৰাজনৈতিক চাল নেকি?

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *