দৰঙৰ বদলি বৈৰালিত তিনিটা এশিঙীয়া গড়ৰ মুক্ত বিচৰণ ।
দৰঙৰ শ্যামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বদলি বৈৰালি গাঁওত এশিঙীয়া গড়ৰ মুক্ত বিচৰণ । বৰ্তমান সেই অঞ্চলত সৃষ্টি হৈছে আতংকময় পৰিবেশ । স্থানীয় লোকৰ খবৰৰ ভিত্তিত উপস্থিত হৈছে শ্যামপুৰ আৰক্ষীৰ দলৰ লগতে বন বিষয়াৰ লোক । বন বিষয়া লোকে গড তিনিটাক খেদি খেদি খেৰণিচাপৰিলৈ লৈ যায় । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড় তিনিটা পুৱতি নিশা উলাই অহাৰ সন্দেহ কৰিছে বন বিষয়াৰ লোকে ।