দৰঙৰ ধূলাত ভয়ংকৰ অগ্নিকাণ্ড



দৰঙৰ ধূলাত ভয়ংকৰ অগ্নিকাণ্ড।

ধূলা আৰক্ষী থানাৰ অন্তৰ্গত নন-কে গৰাপৰি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

জুইত ভস্মীভূত ছয় টা বাসগৃহ ।

ৰাইজৰ সহায়ত জুই নুমোৱাবলৈ সক্ষম হয়।

ধান, চাউল, গুৰুত্বপূৰ্ণ নথি আদি ঘৰৰ আজবাব সমূহ জুই পুৰি ভস্মীভূত।

স্থানীয় ৰাইজৰ বিশেষ সহযোগত জুই নুমোৱা হয়।

মুঠ ছয় টাকৈ বাসগৃহত জুই সংযোগ হয়।

বিদ্যুৎ পৰিবাহী তাৰৰ বাবে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ।

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনা স্থলীত উপস্থিত হৈ সম্পূৰ্ণ জুই নুমোৱাবলৈ সক্ষম হয়।

দৰং জিলা ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গৰাপৰি গাঁৱত এই ঘটনা।
গৰাপৰি গাঁৱৰ জোলফিক্কাৰ, ফাইজোল, ফৰিদুল, বাদসা আলি, ফক্কৰ আলি, মোজামিল আলি আৰু আব্বাছ আলিৰ বাসগৃহত অগ্নিকাণ্ড।

জুইত জাহ গল প্ৰায় ১৫ লাখ টকাৰ সা-সম্পত্তি ।

জুই নুমোৱাবলৈ যোৱা স্থানীয় তিনি যুৱক আঘাতপ্ৰাপ্ত।

আঘাতপ্ৰাপ্ত যুৱক তিনিজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।

অগ্নিনিৰ্বাপক বাহিনী বহু দেৰি কৰি ঘটনাস্থলীত ভউপস্থিত হোৱাৰ অভিযোগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *