দৰঙৰ খাৰুপেটীয়াত সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৰ্মবিৰতি ৰূপায়ন।

দৰঙৰ খাৰুপেটীয়াত সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৰ্মবিৰতি ৰূপায়ন।

বিভিন্ন শ্লোগানেৰে পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ।
দৰঙৰ খাৰুপেটীয়াত খাৰুপেটীয়া পৌৰসভাৰ কাৰ্য্যালয় প্ৰাংগনত চাকৰি সংক্ৰান্তীয় বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্হাৰ আহ্বান মৰ্মে এদিনীয়া সৰ্বাত্মক কৰ্ম বিৰতি ৰূপায়ণ।বিগত ৬ মাহৰ পৰা সুদীৰ্ঘ ৩৭ মাহ পৰ্যন্ত অনাদায় দৰমহা অতি শীঘ্ৰে আদায় দিয়া লগতে পৌৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য ৮ টা দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি খাৰুপেটীয়াতো পৌৰনিকায় কৰ্মচাৰী সকলে এই এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন । কৰ্মচাৰীসকলে তেওঁলোকৰ সমস্যা সমূহ পূৰণৰ দাবীত বিভিন্ন শ্লোগানেৰে পৌৰসভাৰ কাৰ্য্যালয় প্ৰাংগন উত্তাল কৰি তোলে । পুৱা 5 বজাৰ পৰা আৰম্ভ হোৱা এই কৰ্ম বিৰতি কাৰ্যসূচী আবেলি 5 বজালৈ চলিব বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *