দুই বছৰ ধৰি শয্যাগত মাজদিয়াৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক

দুই বছৰ ধৰি শয্যাগত মাজদিয়াৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক।
দুই বছৰ ধৰি শয্যাগত হৈ আছে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক। যুৱকজন হৈছে মনুৰ আলীৰ ৩২ বছৰীয়া পুত্ৰ আজিজুৰ ৰহমান। দিন হাজিৰা কৰা আজিজুৰ ৰহমানে দুবছৰ পূৰ্বে গছ কটা কাম কৰিবলৈ যাওঁতেই গছ পৰি গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় আজিজুৰ ৰহমান। ডিঙিত প্ৰকাণ্ড গছ পৰি ৰাজহাড়ত আঘাত পাইছিল আজিজুৰে। প্ৰথম অৱস্থাত কিছু চিকিৎসা কৰা হৈছিল যদিও দৰিদ্ৰ পৰিয়ালটোৱে আজিজুৰ ৰহমানৰ উন্নত চিকিৎসা কৰাব নোৱাৰাত আজি দুবছৰ ধৰি শয্যাগত অৱস্থাত আছে আজিজুৰ ৰহমান। বিচনা আৰু হুইল চেয়াৰখনেই যেন এতিয়া একমাত্ৰ সংগী আজিজুৰৰ। অমায়িক , শান্ত আৰু কৰ্মদক্ষ আছিল আজিজুৰ। দুবছৰ ধৰি শয্যাগত হৈ থকাত কণমানি সন্তানৰ সৈতে পৰিয়ালৰ পোহপাল দিবলৈ যথেষ্ট কষ্ট ভুগিবলগীয়া হৈছে আজিজুৰে। আনকি আজিজুৰৰ পিতৃ মনুৰ আলীয়েও নিজৰ সন্তানৰ চিকিৎসাৰ বাবে দিশহাৰা হৈ পৰিছে। দিন হাজিৰা কৰা পিতৃ মনুৰ আলীয়েও এতিয়া নিজৰ পৰিয়ালটোক চোৱা-চিতা কৰাৰ বাবে সমস্যাত পৰিছে। আনকি আজিজুৰৰ মাতৃও বিগত সাতমাহ ধৰি নৰিয়াত থকা বুলি জানিব পৰা গৈছে। আজিজুৰ ৰহমানৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে পিতৃ তথা আজিজুৰে। ইয়াৰ উপৰিও সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু সদাশয় ৰাইজৰ পৰাও আৰ্থিক সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। আজিজুৰ ৰহমানক কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ মাজদিয়া শাখাত থকা পিতৃ মনুৰ আলীৰ ৪৬৮১০২০১০০২০৮৫৪ নম্বৰ একাউণ্ট আৰু আই এফ এচ চি কোড UBIN0546810ত ধন জমা দিব পাৰিব। ইয়াৰ উপৰিও ৯৭০৬১২৪৯৩৪ আৰু ৬০০১৩২১১৭৮ নম্বৰত ফোন কৰিও সহায় কৰিব পাৰিব বুলি দৰিদ্ৰ পৰিয়ালটোৱে জানিবলৈ দিয়ে। আপোনাৰ অলপ সহায়ে হয়তো আজিজুৰ ৰহমানক পুনৰ জীৱন দিব পাৰে !

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *