দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াক গ্ৰেপ্তাৰক লৈ দৰঙৰ খাৰুপেটীয়াত আপৰ প্ৰতিবাদ

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াক গ্ৰেপ্তাৰক লৈ দৰঙৰ খাৰুপেটীয়াত আপৰ প্ৰতিবাদ ৷আজি দৰং জিলাৰ খাৰুপেটীয়াত আপৰ দৰং জিলা সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছ’দিয়াক সুৰা নীতি কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত CBI য়ে গ্ৰেপ্তাৰ কৰিছে ৷ তেখেতক মুক্তিৰ দাবীত আজি খাৰুপেটীয়াত আম আদমী পাৰ্টিৰ দৰং জিলা সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি খাৰুপেটীয়াৰ আকাশ বতাহ কপাই তোলে ৷ কেন্দ্ৰীয় চৰকাৰে দমন নীতিৰে ধৰ্মৰ ৰাজনীতি কৰিও বিফল হৈছে, যাৰ বাবে আপক হলঠেকত পেলাবলৈ শেহতীয়া ভাবে এই ৰাজনীতি আৰম্ভ কৰাৰ অভিযোগ আপৰ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *