দক্ষিণ কামৰূপ বকোৰ নাগোপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

দক্ষিণ কামৰূপ বকোৰ নাগোপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তিব্ৰবেগী মাৰুতী চেলেৰিও বাহনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত থকা শাল গছত প্ৰচণ্ড খুন্দা ৷ দুৰ্ঘতনাত গুৰতৰ ভাবে আহত বৃদ্ধাসহ পাঁচ জনকৈ লোক ৷ আহত লোক কেইজন হিলটোপ চাংমা , নিয়াপলি চাংমা , লুচেং চাংমা , চালচেং মমিন আৰু এনথনি চাংমা ৷ আহক লোক কেইজনক ততাতয়াকৈ বকো স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷
জানিব পৰামতে গুৱাহাটীৰ পৰা মেঘালয়লৈ গৈ আছিল গাড়ী খন ৷ দুৰ্ঘটনাত সংঘটিত হোৱা মাৰুতি চেলেৰিও বাহন খনৰ নং AS 91 DP 3550 ৷
আটাইৰে ঘৰ মেঘালয়ৰ চিমাতচাত বুলি জানিব পৰা গৈছে ৷ গুৰুতৰ ভাবে আহত পাঁছ জনকৈ লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *