থলুৱা চুপাৰি ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষী আৰু চৰকাৰৰ বাধাৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি।

থলুৱা চুপাৰি ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষী আৰু চৰকাৰৰ বাধাৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি। জিলাখনৰ আয়নাখাল বজাৰত আজি সৰ্বদলীয় প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অসম – মেঘালয়ৰ দিগৰখাল চেক গেটত বৰাক উপত্যকাৰ ৰাইজৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে ।
আজিৰ প্ৰতিবাদত ভাগ লৈছিল কাটলিছৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ সহ কংগ্ৰেছ, ৰাইজৰ দল, সি পি আই (এম) , ছাত্ৰ মুক্তিকে বহু দল সংগঠনৰ নেতা কর্মী সকলে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *