ঢকুৱাখনা আৰক্ষীৰ বৃহৎ সফলতা

ঢকুৱাখনা আৰক্ষীয়ে বুধবাৰে এটা চোৰাং ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বুধবাৰে বিয়লি গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানকালত বিক্ৰম দলে নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।উল্লেখযোগ্য যে নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহাস্থলীলৈ পতিত হৈছে ঢকুৱাখনা । আৰক্ষী আৰু ৰাইজৰ চকুত ধূলি দি এচাম ধুৰন্ধৰ যুৱকে চলাই গৈছে এই মাৰাত্মক চোৰাং বেহা ।জানিব পৰা মতে আৰক্ষীয়ে বিক্ৰম দলেৰ পৰা ৬.৯ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ ,২২টা খালি কন্টেইনাৰ ,৭ টা চিৰিঞ্জ ,নগদ ৪ হাজাৰ ১০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *