ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক পৰিণতি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক পৰিণতি ।

দেওবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক ভয়ানক কাণ্ড।পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত থকা ছাএ এজনে ৰেগিঙৰ বলি হৈ দ্বিতীয় মহলাৰ পৰা জাপ দিলে।আহত ছাত্ৰ জনক ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ আই চি ইউত ভৰ্তি কৰা হৈছে।আহত ছাত্ৰজন বাণিজ্য বিভাগৰ প্ৰথম ষান্মাসিকৰ আনন্দ শৰ্মা বুলি জানিব পৰা গৈছে।দেওবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক ভয়ানক কাণ্ড।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰনিবাসত সংঘটিত হৈছে ৰেগিঙৰ ভয়ানক কাণ্ড। আহত ছাত্ৰ জনক ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ আই চি ইউত ভৰ্তি কৰা হৈছে। আহত ছাত্ৰজন বাণিজ্য বিভাগৰ প্ৰথম ষান্মাসিকৰ আনন্দ শৰ্মা বুলি জানিব পৰা গৈছে। ৰাজহাড় আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰজন। ছাত্ৰজনৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত বুলি জানিব পৰা গৈছে। এই ঘটনাই পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বিতৰ্কৰ মাজলৈ লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *