ডিব্ৰুগড়ৰ বগীবিল দলঙৰ পৰা জপিয়াই যুৱকৰ আত্মহত্যাৰ চেষ্টা।ধেমাজিৰ দিশৰ পৰা যাত্ৰীবাহী বাছত আহি থকা অৱস্থাত, স্বাস্থ্যৰ অসুস্থতাৰ অজুহাত লৈ বাছৰ পৰা নামি দলঙৰ পৰা জপিয়াই যুৱক জনে।আজি পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা ।
বৰবৰুৱা আৰক্ষীৰ মতে
যুৱকজন অৰুণাচলত নিৰুদ্দেশ হৈ থকা ডিগবৈৰ অনিকেত দত্ত গুপ্তা বুলিও সন্দেহ কৰা হৈছে।
অৰুণাচল প্ৰদেশৰ নিৰজুলিস্থিত North Eastern Regional Institute of Science and technology (NERIST) ত অধ্যয়নৰত আছিল অনিকেত।
ইতিমধ্যে SDRF বাহিনীয়ে ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু লগত সহযোগ কৰিছে বৰবৰুৱা আৰক্ষী আৰু বগীবিল আৰক্ষীয়ে। কিন্তু বৰ্তমান লৈকে যুৱক জনক উদ্ধাৰ কৰিব পৰা নাই।।