টীয়কত দিন ডকাইতিৰ ঘটনা।টীয়কত সংঘটিত হৈছে এক দিন ডকাইতিৰ ঘটনা । সমগ্ৰ নগৰখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।জানিব পৰা মতে টীয়ক নগৰৰ মাজমজিয়াস্থিত SBI ৰ শাখাৰ তলৰ থকা ATM চেন্টাৰৰ পৰা ATM ৰ কাৰ্ড সলনি কৰি দুৰ্বৃত্তই লুটিলে ৪০,০০০ হাজাৰ কৈ টকা । টীয়ক তেলীয়া গাঁৱৰ ধৰ্মেশ্বৰ দাস নামৰ লোক জনৰ পৰা প্ৰৱঞ্চনাৰে লুটিলে এই ধন ।কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল লোক জন । কোনো প্ৰয়োজনত লোক জনে আজি দুপৰীয়া নগদ ধন উলিয়াবলৈ লৈ আহিছিল আৰু ATM ৰ ভিতৰতে এই হিন্দীভাষী প্ৰৱঞ্চকটোৱে কৌশলেৰে ব্যক্তিগৰাকীৰ ATM ৰ কাৰ্ডখন সলনি কৰি কিছু সময়ৰ পাছত টীয়কৰে অন্য কোনো ATM ৰ পৰা নগদ চল্লিছ হাজাৰ টকা উলিয়াই উধাও হয় ।ইতিমধ্যে লোক জনে টীয়ক আৰক্ষী থানাত।
