টিয়কত ভয়ংকৰ দুৰ্ঘটনাত আহত ২২ গৰাকী চাহ শ্ৰমিক…

যোৰহাট জিলাৰ অন্তৰ্গত টিয়কত শনিবাৰে সংঘটিত পথ দুৰ্ঘটনাত ২২ গৰাকী মহিলা চাহ শ্ৰমিক আহত হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে চাহ শ্ৰমিক কঢ়িয়াই অনা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে, যাৰ ফলত আহত হয়।

টিয়কস্থিত মেলেং চাহ বাগিচাৰ সমীপত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, সেই চাহ শ্ৰমিকক দৈনন্দিন কামৰ বাবে বাগিচাখনলৈ লৈ যোৱা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাৰ পিছতে আহত আটাইকেইগৰাকী মহিলাক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *