টিংখাঙত মূখ্যমন্ত্ৰীৰ জনসভাৰ পৰা উভতাৰ পথত দূৰ্ঘটনাত পতিত হ’ল ৬ জনকৈ লোক

টিংখাঙত মূখ্যমন্ত্ৰীৰ জনসভাৰ পৰা উভতাৰ পথত দূৰ্ঘটনাত পতিত হ’ল ৬ জনকৈ লোক

টিংখাঙত শোকাৱহ দুৰ্ঘটনা। মুখ্যমন্ত্ৰীৰ সভালৈ আহি উভতি যোৱাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল এখন বলেৰ’ পিক আপ ভান। ফলত বাহনখনত থকা ফিলনা কুমসিং , চিমচন জাতাৰমা , অৰূপ তিনিকুৰীয়া , ইচৰেল জাতাৰমা , শান্তি কুমসিং ,চুমন জাতাৰমা নামৰ ৬ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। ইয়াৰে পাঁচজনৰ অৱস্থা গুৰুতৰ । উল্লেখযোগ্য যে আজি টিংখাঙৰ কুঁৱৰীগাঁৱত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰাজহুৱা সভাত অংশগ্ৰহনৰ বাবে AS- 06- BC- 8218 নামৰ বলেৰ’ পিকআপ ভানত আহিছিল দুৰ্ঘটনাত পতিত লোকসকল। আঘাতপ্ৰাপ্ত আটাইকেইজন টিংখাঙৰ মাহমৰা শিলগ্ৰান্টৰ বুলি জানিব পৰা গৈছে। আহত সকলক ততাতৈয়াকৈ স্থানীয় নাহৰনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *