জুন মাহত ভাৰতৰ ৬১.৯ কোটি লোক অত্যাধিক গৰমত প্ৰভাৱিত

64

ভাৰতৰ ৬১.৯ কোটি লোককে ধৰি সমগ্ৰ বিশ্বৰ প্ৰায় পাঁচ বিলিয়ন লোকে জুন মাহত ৯ দিনলৈ জলবায়ু পৰিৱৰ্তনৰ ফলত অত্যাধিক গৰম অনুভৱ কৰিছিল। এই তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলৰ এক স্বতন্ত্ৰ গোট ‘ক্লাইমেট চেণ্ট্ৰেল’ৰ এক নতুন বিশ্লেষণত পোহৰলৈ আহিছে। ক্লাইমেট চেণ্ট্ৰেলৰ প্ৰতিবেদনত কোৱা হৈছে যে জুনত হোৱা অত্যাধিক হিটৱেভে ভাৰতত ৬১.৯ কোটি, চীনত ৫৭.৯ কোটি, ইণ্ডোনেছিয়াত ২৩১ নিযুত, নাইজেৰিয়াত ২০৬ নিযুত, ব্ৰাজিলত ১৭৬ নিযুত, বাংলাদেশত ১৭.১ কোটি, ইউৰোপত ১৫.২ কোটি, মেক্সিকোত ১২.৩ কোটি আৰু ইজিপ্তত ১০.৩ কোটি লোক প্ৰভাৱিত কৰে। প্ৰতিবেদন অনুসৰি ১৬-২৪ জুনৰ ভিতৰত বিশ্বৰ ৬০ শতাংশতকৈও অধিক লোকে অত্যাধিক গৰম অনুভৱ কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ ফলত অত্যাধিক গৰমৰ সম্ভাৱনা কমেও তিনিগুণ বৃদ্ধি পাইছে। ক্লাইমেট চেণ্ট্ৰেলৰ মুখ্য কাৰ্যসূচী বিষয়া এণ্ড্ৰিউ পাৰ্চিংয়ে কয়, ‘এক শতিকাৰো অধিক সময় ধৰি দহন থকা কয়লা, তেল আৰু প্ৰাকৃতিক গেছে আমাক এক বিপদজনক পৃথিৱী প্ৰদান কৰিছে। এই গ্ৰীষ্মকালত বিশ্বজুৰি তীব্ৰ গৰমৰ অপ্ৰাকৃতিক দুৰ্যোগ ঘটিছে, যি কাৰ্বন প্ৰদূষণ বন্ধ নোহোৱালৈকে আৰু অধিক সচৰাচৰ হৈ থাকিব।’ ভাৰতে গ্ৰীষ্মকালৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ইয়াৰ সন্মুখীন হৈছে। ভাৰতত উষ্ণতা-সম্পৰ্কীয় ৪০,০০০ৰো অধিক ৰোগৰ ঘটনা পঞ্জীভুক্ত হয় আৰু ১০০ জনৰো অধিক লোকৰ মৃত্যু হয়। প্ৰচণ্ড গ্ৰীষ্ম প্রবাহে পানী যোগান প্ৰণালী আৰু বিদ্যুৎ প্ৰণালীক প্ৰভাৱিত কৰিছিল। এই সময়ছোৱাত দিল্লীত পানীৰ সংকটো গভীৰ হৈ পৰিছিল।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে, এপ্ৰিল-জুন সময়ছোৱাত, দেশৰ প্ৰায় ৪০ শতাংশই সাধাৰণ দিনতকৈ দুগুণ অত্যাধিক গৰম দিন পঞ্জীভুক্ত কৰিছিল। ৰাজস্থানৰ কিছু অংশত, তাপমাত্ৰা ৫০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছিল, আনহাতে বহুতো অঞ্চলত নিশাৰ তাপমাত্ৰা প্ৰায় ৩৫ ডিগ্ৰী চেলচিয়াছ আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ১৩ মে’ৰ পৰা একেৰাহে ৪০ দিনধৰি দিল্লীৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছৰ ওপৰত আছে। চৌদি আৰৱত বাৰ্ষিক হজ যাত্ৰাৰ সময়ত গ্ৰীষ্ম প্ৰবাহ-সম্পৰ্কীয় ৰোগত কমেও ১,৩০০ জন লোকৰ মৃত্যু হৈছিল।