জিলা বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত গোৰেশ্বৰত কেইবাটাও সংগঠনৰ প্ৰতিবাদ ।
৪জিলা বিলুপ্তিৰ সিদ্ধান্ত মানি নলয় তামুলপুৰবাসী ৰাইজে ।
আজি গোৰেশ্বৰৰ ৰাজপথত কেইবাটাও সংগঠনৰ উত্তাল প্ৰতিবাদ ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতি,গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ,এবিএমছুই সাব্যস্ত কৰে এই প্ৰতিবাদ ।
হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,প্ৰমোদ বড়োৰ কাম নাই,জিলা বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰক আদি শ্লোগানেৰে উত্তাল গোৰেশ্বৰৰ ৰাজপথ ।
ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত লোৱা ৪ জিলা বাতিলৰ সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । সমান্তৰালভাৱে তামুলপুৰ জিলা বাতিলৰ সিদ্ধান্ত মানি ল’ব পৰা নাই তামুলপুৰবাসী ৰাইজে । আজি গোৰেশ্বৰ চহৰৰ মাজমজিয়াত কেইবাটাও জাতীয় জনগোষ্ঠিয় সংগঠনে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ।সংগঠন কেইটাৰ নেতৃবৰ্গই চৰকাৰ এই সিদ্ধান্ত বাতিলৰ দাবী জনায় । অন্যথা অনাগত দিনত তীব্ৰ জংগী আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে ।
