জাক জাক পৰিভ্ৰমী পক্ষীৰ কলৰবৰে মুখৰিত জামুগুৰিহাটৰ মন্ট পুখুৰী।
শীতৰ অতিথিৰ নান্দনিক জলকেলীয়ে মুগ্ধ কৰিছে সকলোকে।
শীতৰ আগমনৰ লগে লগেই সাত সাগৰ তেৰ নদী সীপাৰৰ পৰা উৰি অহা জাক জাক পৰিভ্ৰমী চৰাইৰ কলৰবৰে মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ বৰভগীয়া গাঁওৰ মন্ট পুখুৰী।প্ৰতি বছৰৰ দৰে এইবেলিও শীতৰ অতিথি চৰাইৰ নান্দনিক জলকেলীৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰিছে সকলোকে।পুৱা আৰু গধুলিৰপৰত জামুগুৰিহাটৰ মন্ট পুখুৰীত বিচৰণ কৰিছে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীয়ে।নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আগমন ঘটা এই পৰিভ্ৰমী পক্ষীসমূহ ফেব্ৰুৱাৰী মাহৰ শেষলৈকে বিচৰণ কৰি থকাৰ পাছত পুনৰ গুছি যায় অচিন দেশলৈ।জামুগুৰিহাটৰ এই মন্ট পুখুৰীলৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ যাতে কোনেও অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে প্ৰতিবছৰেই গাঁওবাসী ৰাইজে সুৰক্ষা প্ৰদান কৰি অহাৰ বাবেই এইদৰেই এতিয়া নিভয়ে আৰু নিঃসংকোচে বিচৰণ কৰিছেহি হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীয়ে।

