শ্ৰীভূমি: পাকিস্তানভিত্তিক নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ (JeM) সৈতে কথিত সম্পৰ্ক থকাৰ অভিযোগত গুজৰাটৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ (ATS) জালত পৰিছে অসমৰ শ্ৰীভূমি জিলাৰ এজন যুৱক। ধৃত যুৱকজনৰ নাম মহম্মদ চাহাৰুল ইছলাম কবিৰুদ্দিন (২২)। তেওঁ শ্ৰীভূমি জিলাৰ ৰাতাবাৰী সমষ্টিৰ পূব টংগীবাৰী গাঁৱৰ বাসিন্দা।
প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা গুজৰাটৰ ভদোদৰাৰ সমীপৰ হালোল-ভদোদৰা পথৰ এখন হোটেলৰ ওচৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে গুজৰাট ATS-এ। এই গ্ৰেপ্তাৰৰ ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে সন্ধিয়া শ্ৰীভূমি জিলাৰ ৰাতাবাৰী সমষ্টিৰ পূব টংগীবাৰীত থকা চাহাৰুলৰ বাসগৃহতো তালাচী অভিযান চলায় তদন্তকাৰী দলে।
গুজৰাট ATSৰ দাবী অনুসৰি, ধৃত যুৱকজনৰ পৰা এটা অত্যাধুনিক ৰাইফল, ২৩ জাঁই সক্ৰিয় গুলী, দুটা খালী মেগাজিন, জইছ-ই-মহম্মদৰ পতাকা, মোবাইল ফোন আৰু ছিম কাৰ্ড উদ্ধাৰ কৰা হৈছে।
আনহাতে, তদন্তকাৰী সংস্থাটোৰ প্ৰাথমিক দাবী অনুসৰি, ভদোদৰাৰ ভাৰতীয় বায়ুসেনা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল ধৃত যুৱকজনে। ATSৰ সূত্ৰৰ দাবী, যুৱকজনৰ মোবাইল ফোনৰ পৰাও এই সন্দৰ্ভত কেতবোৰ ফটো উদ্ধাৰ কৰা হৈছে।
ঘটনাটোৰ সৈতে সন্ত্ৰাসবাদী সংগঠনৰ সম্ভাব্য যোগাযোগ আৰু আক্ৰমণৰ পৰিকল্পনাৰ অভিযোগক লৈ তদন্ত অব্যাহত ৰাখিছে গুজৰাট ATS-এ। অৱশ্যে, ধৃত যুৱকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ তদন্তৰ জৰিয়তে আৰু আইনী প্ৰক্ৰিয়াৰ মাজেৰেহে নিশ্চিত হ’ব।
অসমৰ শ্ৰীভূমিৰ এজন যুৱকৰ গ্ৰেপ্তাৰৰ ঘটনাই ৰাজ্যখনতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
