ছয়গাঁৱ সমষ্টিৰ বনগাঁৱত PMAY আচঁনিৰ গৃহ আৱন্টনত দুৰ্নীতি

ছয়গাঁৱ সমষ্টিৰ বনগাঁৱত PMAY আচঁনিৰ গৃহ আৱন্টনত দুৰ্নীতি ।বনগাঁৱ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫ নং উত্তৰ পশ্চিম গাওঁপঞ্চায়ত সংঘটিত হৈছে PMAYৰ এই গৃহ আবন্ট্নত দুৰ্নীতিৰ ৷ যোগ্য হিতাধিকাৰী থকাৰ পিচতো বকো সমষ্টিৰ ছমৰীয়া গাওঁপঞ্চায়ত এলেকাৰ লোকক দিছে গৃহ আবন্ট্ন ৷ এই অনিয়মৰ সম্পৰ্কত বনগাওঁ উন্নয়ন খণ্ড বিষয়া, পঞ্চায়ত সচিব আৰু পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে সচেতন ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কামৰূপ জিলাৰ উপায়ুক্তক দাখিল কৰিছে  অভিযোগ ৷ উন্নয়ন খণ্ড বিষয়া গুলচান চুলতানা,সচিব মনোজ কলিতা, পঞ্চায়ত সভাপতি ইন্দু দাসৰ বিৰুদ্ধে দাখিল কৰে এই অভিযোগ ৷ পিচে অভিযোগ দাখিলৰ দুমাহ পিচতো এই সম্পৰ্কত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ ৷ অভিযোগকাৰীৰ প্ৰশ্ন- খোদ উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে যদি এনে অনিয়ম ও দুৰ্নীতি সংঘটিত হব পাৰিছে তেন্তে ভিতৰুৱা ঠাইত কি অৱস্থা হব পাৰে সময়ত হব লক্ষনীয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *