চৈধ্য দফীয়া দাবীৰ ভিত্তিত আজি দেশ তথা ৰাজ্যজুৰি প্ৰতিবাদ

চৈধ্য দফীয়া দাবীৰ ভিত্তিত আজি দেশ তথা ৰাজ্যজুৰি প্ৰতিবাদ। দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলা সদৰত তিনিটাকৈ সংগঠনৰ যৌথ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰান্ধনকৰ্মী, চৰকাৰী কৰ্মচাৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৈধ্য দফীয়া দাবীৰ লগতে পুঁজিবাদী চৰকাৰৰ বিৰুদ্ধে এইদৰে ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰা হয়। চেণ্টাৰ অব ইণ্ডিয়ান ট্ৰেড ইউনিয়ন, নিখিল ভাৰত কৃষক সভা আৰু ৰন্ধানকৰ্মী সন্থাকে ধৰি তিনিটাকৈ সংগঠনৰ উদ্যোগত এইদৰে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ৰাজপথত সমদল উলিয়াই চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *