চেঙাৰ ৩৪ নং খোলাবান্দা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি

চেঙাৰ ৩৪ নং খোলাবান্দা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি

পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰী শ্বাহানা আকতাৰ, পঞ্চায়ত সচিব শ্বাহজাহান আলী আৰু ৱাৰ্ড সদস্য মহিদুল ইছলামৰ বিৰুদ্ধে কাছুমাৰা থানাত এজাহাৰ ভুক্তভোগী ৰফিক আলীৰ

বিজেপি চৰকাৰৰ দিনতো দূৰ্নীতি কৰিবলৈ ভয় নকৰা হৈছে দুৰ্নীতিপৰায়ণ কংগ্ৰেছী সভানেত্ৰী শ্বাহানা আকতাৰ।

পঞ্চায়তৰ অজ্ঞাত ৰহিমা খাতুন নামৰ ভুৱা একাউণ্টত আৱাসৰ ধন সোমাই দিলে পঞ্চায়ত সচিব,সভানেত্ৰীয়ে আৰু সদস্যই।

প্ৰধান মন্ত্ৰী আৱাসৰ ধন বিচাৰি হাহাকাৰ কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে।

এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত খোলাবান্ধা গাওঁত।

কেৱল প্ৰধান মন্ত্ৰী আৱাসৰ ধন আত্মসাৎ কৰিয়েই ক্ষান্ত নাথাকি তিনিবাৰকৈ উঠাই লৈছে জৱ কাৰ্ডৰ ধন।

দুখীয়া-অশিক্ষিত পৰিয়ালটোৰ লগত এই দৰেই ষড়যন্ত্ৰ কৰিছে পঞ্চায়তৰ সভানেত্ৰী শ্বাহানা আকতাৰে।

১০ হাজাৰ টকা বিচাৰি আঠ হাজাৰ ঘোচ লৈও ঘৰ নিদিয়াৰ অভিযোগ ভূ্ক্তভোগী পৰিয়ালৰ।

প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *