চিনেমাৰ কায়দাৰে খেদি খেদি কৰায়ত্ত দুই গাঞ্জা সৰবৰাহকাৰীক

বিশ্বনাথ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

চিনেমাৰ কায়দাৰে খেদি খেদি কৰায়ত্ত দুই গাঞ্জা সৰবৰাহকাৰীক

। আৰক্ষীৰ পৰা বাচিবলৈ হিন্দী চিনেমাৰ কায়দাৰে গাঞ্জা সৰবৰাহকাৰীয়ে কিদৰে গাড়ীৰ খিৰিকীৰে পেলাই গৈছে গাঞ্জা সমূহ ৷এই দৃশ্য বন্দি হৈছে গাঞ্জা সৰবৰাহকাৰীক অনুসৰণ কৰি যোৱা আৰক্ষীৰ মোবাইলৰ কেমেৰাত ৷ প্ৰায় ৪০ কিঃ মিঃ খেদি নিয়াৰ পাছত অৱশেষত এখন AS-12X-0498 নম্বৰৰ হোণ্ডাই আই ২০ বাহনৰ সৈতে জামুগুৰিহাটৰ বৰপথাৰত দুটা গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
জানিব পৰামতে, তেজপুৰ দিশৰ পৰা আহি থকা AS-12X-0498 নম্বৰৰ হোণ্ডাই i20 বাহন খনত গোপন সুত্ৰৰ পমখেদি বৃহৎ পৰিমাণৰ গাঞ্জা থকাৰ খবৰ বিশ্বনাথ আৰক্ষীয়ে লাভ কৰে যদিও পুৱাৰ ভাগত গাড়ীখনে তীব্ৰবেগত বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াৰে পাৰ হয়। কিন্তু বৰগাংত আৰক্ষীৰ নাকা চেকিংৰ উমান পায় বাহন খনে ইউটাৰ্ণ লৈ জিনজিয়াৰ মাজ মজিয়াৰ অন্য এটা পথেৰে পাভৈ-ইটাখোলা পথেৰে পলায়ণ কৰে ৷কিন্তু পলাব খোজা বাহনখনক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ অপৰাধ শাখাৰ এটা দলে উক্ত বাহনখন অনুসৰণ কৰাৰ ফলত গাঞ্জা সৰবৰাহকাৰীৰ দলটোৱে সমগ্ৰ পথচোৱাত গাঞ্জাৰ কিছু টোপোলা পেলাই থৈ যায় ৷
ইফালে প্ৰায় ৪০ কিঃ মিঃ অনুসৰণ কৰাৰ পাছত জামুগুৰিহাটৰ বৰপথাৰত বাহন এৰি পথাৰলৈ পলাব খোজোতেই আৰক্ষীয়ে গাওঁৰক্ষী বাহিনী,ৰাইজৰ সহযোগত বাহনখনত থকা দুই সৰবৰাহকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ৷
ইতিমধ্যে,দুই সৰবৰাহকাৰী লৈ আৰক্ষীয়ে অনুসন্ধান চলোৱাত জিনজিয়া-ইটাখোলা সংযোগী পথৰ পৰা প্ৰায় ৭৫ কিঃগ্ৰামতকৈও অধিক পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷আটকাধীন দুই গাঞ্জা সৰবৰাহকাৰী ক্ৰমে ক্ৰিছিং দৈমাৰী আৰু নহো দৈমাৰী বুলি জানিব পৰা গৈছে ৷জব্দাকৃত গাঞ্জাসমূহ ওডালগুৰিৰ পৰা লখিমপুৰলৈ নি থকা বুলি আৰক্ষীয়ে জানিব দিয়ে ৷উল্লেখ্য যে,অৰুণাচলৰ পৰা মাজবাট,ওডালগুৰি ত এই অবৈধ্য গাঞ্জাৰ বৃহৎ চক্ৰ চলি আছে আৰু ইয়াৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইলৈ গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই অহা বুলি আৰক্ষীয়ে অৱগত কৰিছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *