চিচিবৰগাঁৱত দুটা বনৰীয়া হাতীয়ে তহিলং কৰিছে ৰাইজৰ পকা ধান ।

চিচিবৰগাঁৱত দুটা বনৰীয়া হাতীয়ে তহিলং কৰিছে ৰাইজৰ পকা ধান ।আতংকিত গঞা ।বন বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান ।ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা, দীঘলী, উদমৰা আদি গাঁৱত আজি পুৱতি নিশা দুটা বনৰীয়া হাতী প্ৰৱেশ কৰি ৰাইজৰ পকা ধান খাই গছকি তহিলং কৰিছে । আজি পুৱা গেলুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দুটা বনৰীয়া হাতীয়ে পকা ধান খাই থকা দেখি ৰাইজৰ মাজত হুৱাদুৱা লাগে । ৰাইজে চিঞৰ বাখৰ কৰাত হাতী দুটা পথাৰৰ মাজলৈ সোমাই যায় আৰু ৰাইজৰ পকা ধান কেৱল খুৱাই নহয় গছকি তহিলং কৰিছে । হাতীৰ ভয়ত ধান দাবলৈ ওলাই অহা দাৱনী ঘূৰি যাবলগীয়া হৈছে । ৰাইজে বন বিভাগক খবৰ দিছে যদিও বাতৰি লিখাৰ পৰলৈকে বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই । ৰাইজে জানিবলৈ দিয়া অনুসৰি গাইনদীৰ পাৰৰ লেছিয়া বিলৰ হাবিত পাঁচটা বনৰীয়া হাতীৰ এটা দল বহুদিন ধৰি আছে । কিন্তু ৰাইজে হাবি ভাঙি সৰিয়হ খেতিৰ বাবে মাটিত ট্ৰেক্টৰেৰে হাল বাই দিয়াৰ বাবে এইদৰে হাতীৰ দলটো খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে । হাতীকেইটা খেদি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাইজে বন বিভাগলৈ আহ্বান জনাইছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *