চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড


চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড। নিজ মইমতালিৰে বিদ্যুতৰ মাচুল ধাৰ্য্য কৰে কাৰ্যালয়ৰ কৰ্তৃপক্ষই। মিটাৰ ভালদৰে নাছাই দায়িত্বত থকা কৰ্ম্মচাৰীয়ে। যাৰ ফলত বিপদত এজন বিকলাংগ লোক। চামগুৰিৰ সোণাৰী বালিৰ ফাতেমা খাতুন আৰু তেওঁৰ বিকলাংগ স্বামী হাছেম আলিৰ নামত অহা চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহৰ বিল আহিল অধিক পৰিমাণৰ। মাত্ৰ ৩ টা লাইট আৰু এখন ফেন থকা ফাতেমা খাতুনৰ নামত অহা ২০ হাজাৰ টকাতকৈ বেছি বিল দেখি সৰ্বশান্ত হৈ পৰিছে খুজি মাগি জীৱন চলোৱা হাছেম আলি। পূৰ্বৰে পৰা বিভিন্ন সময়ত বহুকেইজন লোকৰ বিল নিজ মইমতালিৰে ধাৰ্য্য কৰি অহাৰ অভিযোগ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *