বিভিন্ন দাৱীত আজি গৌৰীপুৰৰ ৰাজপথ কপালে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে।আজি ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত নিয়োজিত হৈ থকা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে এনেদৰে বিভিন্ন দাৱীত গৌৰীপুৰৰ ৰাজপথ কপাই তোলে।মধ্যাহ্ন ভোজন এইসকল কৰ্মচাৰীয়ে দীৰ্ঘ দিনৰ পৰা ৰাজ্য চৰকাৰক বিভিন্ন দাৱী জনাই অহা সত্বেও কোনো দাৱী মানি লোৱা নাই বুলি ক্ষোভ উজাৰে।দাৱী সমৃহ হল মধ্যাহ্ন ভোজন আঁচনি অক্ষয়পাত্ৰক গতোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিৱ লাগে , মাননিৰ সলনি মজুৰি দিয়ক, মজুৰি দিব নোৱাৰিলে মাহে মাননি ১০ হেজাৰ টকা বাজেট প্ৰস্তাৱত সংযোগ কৰক ,বছৰি ১২ মাহৰ বাবেই মাননি দিয়ক, প্ৰতি মাহে মাননি দিয়াৰ ব্যৱস্থা কৰক ,বিদ্যালয় একত্ৰিত কৰাৰ ফলত কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন ৩ লাখ টকা দিয়ক।আনহাতে পেঞ্চন ,চিকিৎসা,সাহায্য ,বিমাকে ধৰি সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰক আদি দাৱীৰে এই উত্তাল প্ৰতিবাদ কৰে এইসকল ৰন্ধনকৰ্মী সকলে।
ইপিনে উক্ত দাৱীৰে ৰন্ধনকৰ্মী সকলে গৌৰীপুৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে।
