গৌৰীপুৰৰ মাটীয়াবগত ভয়ংকৰ পথ দুৰ্ঘটনা

গৌৰীপুৰৰ মাটীয়াবগত ভয়ংকৰ পথ দুৰ্ঘটনা।গৌৰীপুৰৰ মাটীয়াবগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।থিতাতে নিহত হয় এজন।বগৰীবাৰীৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা AS01C C6055 নম্বৰৰ বালি ভৰ্তি ট্ৰাকখনক গৌৰীপুৰ যান-বাহন আৰক্ষীয়ে খেদি অনাৰ ফলত দ্ৰুতবেগী ট্ৰাক খনে ৰাস্তাৰ কাষত থিয় হৈ থকা এজনক মহতীয়াৰ ফলত থিতাতে নিহত হয়।পিছত UP21B N 3316নম্বৰৰ থিয় হৈ থকা ট্ৰাক খনত খুন্দা মাৰে।বালিভৰ্তি ট্ৰাক খনৰ চালক জন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।থিতাতে নিহত ব্যক্তি জনৰ নাম আবাবিল হোসেন(52)।ব্যক্তি জনৰ ঘৰ মাটিয়াবগত বুলি জানিব পৰা গৈছে।মৃত ব্যক্তি জনক গৌৰীপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহবিদ্যালয় লৈ প্ৰেৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *