গৌৰীপুৰৰ তাৰঘাতত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰিলে এজন যুৱক।
ড্ৰাগছ সেৱন কৰা যুৱক জনৰ নাম নুৰ আলম ঘৰ দক্ষিণ গেৰামাৰী বুলি জানিব পৰা গৈছে।
মহিবুল নামৰ যুৱক জনৰ পৰা কিনি আনিছে বুলি স্বীকাৰ উক্তি দিয়ে যুৱক জনে।
স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ যুৱক জনক থানালৈ অনা হয় ।
গৌৰীপুৰ আৰক্ষীয়ে এনে ড্ৰাগছ সেৱন ওপৰত কি পদক্ষেপ লয় সেয়া হব পৰবৰ্তী সময়ত লক্ষণীয় বিষয়।
