গোসাইগাঁৱত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী


গোসাইগাঁৱত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী।মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচীত গোসাইগাঁও আৰক্ষীৰ বাধা।অসমত মুছলমানসকলৰ ওপৰত চৰকাৰৰ অমানৱীয় উচ্ছেদ আৰু অত্যাচাৰৰ প্ৰতিবাদত আজি পুৱা ১১ বজাত গোসাঁইগাঁৱৰ পদ্মবিলত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰা হাতত লয় যদিও গোসাইগাঁওৰ নগৰ আৰক্ষী উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা খন কাঢ়ি লৈ প্ৰতিবাদী কায্যসূচী বন্ধ কৰি দিয়ে।আমছুৰ উপ সভাপতি ৰফিকুল ইছলাম, পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাজাহাৰুল ইছলাম নেতৃত্বত অনুষ্ঠিত উক্ত প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত কাৰ্যকৰী সভাপতি মোস্তাফিজুৰ ৰহমান সহ অনেকে আমছুৰ কৰ্মী সকল অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা হায় হায়,হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,মূখ্যমন্ত্ৰীৰ দাদাগিৰি নচলিব আদি বিভিন্ন শ্লোগানেৰে গোসাইগাঁৱৰ পৰিস্থিতি উত্তাল কৰি তুলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *