গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা

42

গোলাঘাট জিলাৰ দুগৰাকীকৈ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ আৰক্ষীৰ দলে আজি পুৱা অভিযান চলাই এখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে পুৱা প্ৰায় ৭ বজাত যোৰহাটৰ মৰিয়নিৰ পৰা তিতাবৰ হৈ গোলাঘাট জিলাৰ মেৰাপানী অভিমুখে ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে অবৈধভাৱে সুৰা সৰবৰাহৰ সময়তে ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰং তিনিআলিত ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ট্ৰাকখনৰ নম্বৰ এ এছ ০৩ বি চি ৭০৩০।
ইয়াৰ পিছতে ট্ৰাকখন ঘিলাধাৰী আৰক্ষী থানালৈ সুৰা ভৰ্তি ট্ৰাকখন লৈ অনা হয়। ইয়াৰ পিছতে আৰক্ষী থানাখনত গোলাঘাট জিলা আৰক্ষী অধীক্ষকো উপস্থিত হয়। এই বাহনখনৰ পৰা আৰক্ষীয়ে মুঠ ৯৫৯ টা সুৰাৰ কাৰ্টুন জব্দ কৰাৰ লগতে চালকসহ মুঠ ৭ জনকৈ লোকক আটক কৰিছে।