গামোচা বিতৰ্ককলৈ প্ৰতিক্ৰিয়া প্ৰকাশ চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনৰ।পৰিকল্পিত ৰাজনৈতিক ষড়যন্ত্ৰৰ সন্দেহ।
সমগ্ৰ ৰাজ্যত গামোচা বিতৰ্কৰ কেন্দ্ৰ কৰি তোলপাৰ লাগি থকাৰ সময়তে বিজনীত বিষয়টো লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনে।কালি বাংলা সাহিত্য সভাৰ ৰাজ্যিক প্ৰতিনিধি সন্মিলনত গামোচা যোৰা লগাই সভাত উপস্থিত অতিথিক সন্মান জনোৱা হৈছিল।এই কাৰ্যক চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে সভাপতি গৰাকীয়ে।বিতৰ্কত থকা শিলাদিত্য দেৱৰ জৰিয়তে সাম্প্ৰতিক ৰাজনৈতিক ইছু সমূহক তল পেলাবৰ বাবেই এই ব্যৱস্থা বুলি অভিযোগ উত্থাপন কৰি এইদৰে কয়।
