খাৰুপেটীয়াত হানি ট্ৰেপিঙৰ ঘটনা

খাৰুপেটীয়াত হানি ট্ৰেপিঙৰ ঘটনা পোহৰলৈ ।খাৰুপেটীয়াত হানি ট্ৰেপিঙৰ ঘটনা পোহৰলৈ । দেৱানী গ্ৰুপৰ সৈতে মিলি এগৰাকী যুৱতীয়ে হানি ট্ৰেপিং কৰাৰ ভয়ংকৰ অভিযোগ । অভিযোগ মতে , চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খেতাশ্বৰ গাঁৱৰ এজন যুৱকৰ লগত হানি ট্ৰেপিঙৰ ঘটনা সংঘটিত হয় । তাৰ পিছত গাওঁ খনৰ শ্বাহা জামাল দেৱানীৰ ঘৰত ৰাইজ মেল অনুষ্ঠিত হয় । উক্ত ৰাইজ মেলত যুৱক জনক ২ লাখ ১০ হাজাৰ টকা জৰিমনা কৰে । ধূলা আৰক্ষী থানাৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱৰ ছাইদুৰ ৰহমানৰ লগতে কেইজনমান যুৱকে ইয়াৰ বিৰোধিতা কৰাত হানি ট্ৰেপিঙত জড়িত বুলি এজন যুৱকৰ দ্বাৰা মিছা গোচৰ দাখিল কৰাই দেৱানী গ্ৰুপে । উক্ত গোচৰৰ ভিত্তিত ছাইদুৰ ৰহমান নামৰ যুৱক জনক খাৰুপেটীয়া আৰক্ষীয়ে আটক কৰি লক আপত ৰাখে । লক আপত ৰখা সময়ত দেৱানী গ্ৰুপে ছাইদুৰ ৰহমানৰ পত্নীৰ পৰা দুই লাখ টকা দাবী কৰে । দাবী কৰা ধন আদায় দিবলৈ মান্তি নোহোৱাত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে খাৰুপেটীয়া আৰক্ষীয়ে । ধন দাবী সন্দৰ্ভত ছাইদুৰ ৰহমানৰ পত্নীয়ে দেৱানী গ্ৰুপৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । এমাহ দুই দিন জেলত থাকি জামিনত ওলাই ডি জি পিৰ ওচৰত অভিযোগ দাখিল কৰে । উল্লেখযোগ্য যে , জেলত থকা অৱস্থাত এজাহাৰ কাৰীয়ে দেৱানী গ্ৰুপৰ হেঁচাত গোচৰ দিয়া বুলি আদালতত স্বীকাৰুক্তি দিয়ে । যুৱক জনে ডি জি পিৰ ওচৰত দাখিল কৰা অভিযোগ দৰং জিলা আৰক্ষী অধীক্ষক লৈ প্ৰেৰণ কৰে আৰু আৰক্ষী অধীক্ষকে খাৰুপেটীয়া আৰক্ষী থানা লৈ অভিযোগ পত্ৰ খন প্ৰেৰণ কৰে যদিও খাৰুপেটীয়া থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া মহাদেৱ হীৰাই দেৱানী গ্ৰুপৰ পৰা মোঠা অংকৰ ধন লৈ দেৱানী গ্ৰুপটোক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে । ইফালে , দেৱানী গ্ৰুপটোৱে ছাইদুৰ ৰহমানৰ অভিযোগ অস্বীকাৰ কৰাৰ লগতে যুৱক জনৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও গুৰুতৰ অভিযোগ । সচা কোন মিছা কোন সেয়া পোহৰলৈ আহিব আৰক্ষীৰ তদন্তত ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *