খাৰুপেটীয়াত অশোকাষ্টমী মেলা।মেলাৰ কাষতে চলিছে অবৈধ জুৱাৰ আড্ডা

খাৰুপেটীয়াত অশোকাষ্টমী মেলা।মেলাৰ কাষতে চলিছে অবৈধ জুৱাৰ আড্ডা। কালিৰ পৰা আৰম্ভ হৈছে খাৰুপেটীয়া অশোকাষ্টমী মেলা। ৭ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে এই অশোকাষ্টমী মেলা ৷ আশোকাষ্টমী মেলাৰ নামত একাংশ অসাধু লোকে মেলাৰ কাষত ডাব্বু, ফৰ, কাৰ্ড পাতিকে আদি কৰি বিভিন্ন ধৰণৰ জুৱা খেল চলাই থকা দেখা গৈছে। একাংশ অসাধু লোকে মেলাৰ নামত এইদৰে চলোৱা জুৱা খেলে অঞ্চলখনত শৈক্ষিক, সামাজিক পৰিবেশ বিনষ্ট হৈছে। আজি খাৰুপেটীয়া আঞ্চলিক আমছুয়ে এই জুৱা খেলৰ বিৰুদ্ধে অভিযান চলায় যদিও জুৱাৰী সকল পলাই পত্ৰং দিয়ে। আৰু জুৱা খেলৰ সা-সামগ্ৰী সমূহ জ্বলাই দিয়ে। মেলাৰ নামত চলি থকা অবৈধ জুৱা বন্ধ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে আমছুৱে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *