কৰ্ণাটকত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান

কৰ্ণাটকত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । এফালে যদি নৰেন্দ্ৰ মোডীৰ ‘মেগা ৰেলী’ আনফালে আকৌ ডেলিভাৰী বয়ৰ স্কুটিত উঠি প্ৰচাৰ ৰাহুল গান্ধীৰ । এফালে চমকৰ সৃষ্টিৰে ৰাইজক আকৰ্ষণৰ চেষ্টা, আনফালে ৰাইজৰ মাজৰে এজন বুলি ভালৰি লগোৱাৰ প্ৰচেষ্টা । মুঠতে নিৰ্বাচনী প্ৰচাৰত কোনো কেৰোণ এৰি দিয়া নাই কোনেও । আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন । এই অন্তিম ক্ষণত কংগ্ৰেছ আৰু বিজেপিয়ে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।এই নিৰ্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দেখিবলৈ পোৱা গৈছে।হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীক তীব্ৰ গতিত কতাখ কৰা পৰিলক্ষিত হয়।হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কাৰোবাৰ গেৰাণ্টি দিবলৈ কংগ্ৰেছ কোন হয়।ৰাহুল গান্ধীৰ গেৰাণ্টি কোনে দিব।হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই এতিয়া সৰ্বতে চৰ্চা লাভ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *