কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি এতিয়া দাচবিনত পৰিনত

টেঙাখাতৰ বহু কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি এতিয়া দাচবিনত পৰিনত।চৰকাৰ গ’ল চৰকাৰ আহিল সংস্কাৰ নহ’ল জলসিঞ্চন বিভাগ। পূৰ্বৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনতেই আৰাম্ভ হোৱা নাহৰকটীয়া উপসংমণ্ডলৰ অধিনৰ টেঙাখাতস্থীত বহু কৌটি টকিয়া এই জলসিঞ্চন বিভাগৰ আঁচনিৰ নলা হমোহ এটিয়া চিন মোকাম‌ নোহোৱাৰ পথত।বুৰীদিহিংৰ ভেকুলাজান বালিঘাটৰ পাৰা সংলগ্ন কৰি টেঙাখাতৰ বিভিন্ন খেতিৰ পথাৰলৈ পানী যোগান ধৰাৰ‌ বাবে যি নলা তৈয়াৰ কৰা হৈছিল ‌এতিয়া উক্ত নলা গছেবনে ভৰি পৰিছে কান হাৰ নাই জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীৰ। প্ৰত্যেক বছৰেই এই নলা সমোহ repairingৰ নামত লাখ লাখ টকা নিবিদা দিয়া হয় কিন্তু ৰাইজৰ খেতিৰ পথাৰলৈ পানী নজায়।ৰাইজে আখা কৰিছিল বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই‌ বি জে চৰকাৰখনে আছনি খন সফল ৰূপায়ন কৰিৱ কিন্তু আজিকো পতি এই চৰকাৰখনেও একো‌ নললে ব্যৱস্থা। জলসিঞ্চন মন্ত্ৰী অশোক সিংঙ্ঘালে বিভাগতো চোৱাৰ নামত কেৱল মাত্ৰ ডিব্ৰুগড়ৰ জলসিঞ্চন বিভাগৰ অভিযন্তাৰ কাৰ্য লয়ত বহি বোজলৈ উভতি যোৱাৰ বাদে কোনো দিনেই আঁছনি খন সফল ৰূপায়নৰ বাবে দেখা নগল‌ স্বজমীন তদন্ত কৰি বিহিত ব্যৱস্হা লোৱাৰ ।অথচ হাজাৰ হাজাৰক কৰ্মচাৰীক কৌটি কৌটি টকা বেতনৰ নামত কৰি আছে খৰচ। অকল টেঙাখাতেই নহয় ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এই আছনি খন কেৱল মাত্ৰ কাগজ পত্ৰত হে আছে কামত কিন্তু একো নাই।ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি লৈ আহিম আৰু বহু এনে পৰিত্যক্ত হৈ‌ থকা এই বিভাগটোৰ বিভিন্ন আঁচনিৰ এখন ফোঁপোলা ছবি।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *