কেন্দ্ৰীয় চৰকাৰৰ অভিলাখী আঁচনি জল জীৱন মিচনৰ পয়ালগা অৱস্থা শিৱসাগৰত

প্ৰধান মন্ত্ৰীৰ ঘৰ ঘৰ কী পানী শ্লোগান টো লাহে লাহে বগা হাতীত পৰিণত হবগৈ নে কি ?

শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা আমগুৰি সংমণ্ডলৰ অন্তৰ্গত কালুগাঁও আমতল বামুণগাঁও পানী যোগান আঁচনিৰ দূৰাৱস্থা দিশে ।

কেন্দ্ৰীয় চৰকাৰৰ অভিলাখী আঁচনি জল জীৱন মিচনৰ পয়ালগা অৱস্থা শিৱসাগৰত ।

যাৰ বাবে কালুগাঁও আমতল বামুণগাঁও পানী যোগান আচনিখনৰ ৰাইজে আজি ভালেমান দিন ধৰি পানী যোগানৰ পৰা বঞ্চিত হৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে ।
উক্ত আঁচনিখন নিৰ্মাণ কৰা কেইমাহমান নৌ হওঁতেই এনে অৱস্থা হবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক ।

আঁচনিৰ পৰিচালনা সমিতিয়ে বিভাগক বাৰম্বাৰ আপত্তি জনাই অহাৰ পিছতো বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।

অহা ৭ দিনৰ ভিতৰত আঁচনিখন পুনৰ মেৰামতি কৰি পানীপোৱাৰ ব্যৱস্থা নকৰে অন্যথাই শ শ মহিলা ৰাজপথলৈ ওলাই আহিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

জল জীৱন মিচনৰ দ্বাৰা নতুনকৈ পানী যোগান আচনিৰ কাম কৰা হৈছিল যদিও ঠকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে অতি নিম্নমানৰ কাম কৰাৰ পৰিণতিতে ৰাইজে এনে দুৰ্ভোগ ভুগিছে বুলি জানিবলৈ দিছে ।

কেন্দ্ৰীয় চৰকাৰৰ অভিলাখী আঁচনি জল জীৱন মিচন সম্পূৰ্ণৰূপে বগা হাতীত পৰিণত হৈছে অসমৰ বিভিন্ন স্থানত ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *