কলিয়াবৰৰ বৰভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰৰ বৰভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
শিল পৰিবাহী ডাম্পাৰ আৰু ছুইফট বাহনৰ সংঘৰ্ষ।
সংঘৰ্ষৰ পৰিণতিত জ্বলি উঠিল ছুইফট বাহনখন। কলিয়াবৰৰ বৰভগীয়া চাৰিআলিত ১২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দুৰ্ঘটনা।
শিল পৰিবাহী ডাম্পাৰখনে কোনো সংকেট নিদিয়াকৈ ইউ টাৰ্ণ লওতেই পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ছুইফট খনে। খুন্দা মৰাৰ পিছতেই মুহূৰ্ততে জ্বলি উঠে ছুইফটখনৰ সন্মুখভাগ। অৱশ্যে সৌভাগ্য ক্ৰমে ৰক্ষা পৰে ছুইফটখনৰ দুজনকৈ আৰোহী।
দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS02 DC 1562 আৰু ছুইফটখনৰ নম্বৰ AS06 AH 8493।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *