কলিয়াবৰত সামৰণি পৰিল ছাত্ৰ সন্থাৰ বিহু কৰ্মশালাৰ । নাঙলা মুখত হেঁপাহৰ বিহুটি ।
ঢোলৰ গুমগুমণিত মুখৰিত হৈ আছে অসমৰ আকাশ বতাহ। কেওফালে চেনেহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি। সামৰণি পৰিছে বিহু কৰ্মশালা সমূহৰ । বিগত দুই এপ্ৰিলৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰো সামৰণি পৰিল । কুঁৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত এই কৰ্মশালাত পাঁচ শতাধিক নাচনী আৰু ঢুলীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে। অহা পহিলা ব’হাগত সংগঠনটোৱে আয়োজন কৰিছে ৰঙালী বিহু উৎসৱ। সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে উদ্যোগক্তা সংগঠনটোৱে।
