কলিয়াবৰত ছাত্ৰ সন্থাৰ বিহুনাচ আৰু ঢোল বাদন কৰ্মশালা । চেনেহৰ ৰঙালী বিহুলৈ মাথো দিনচেৰেক বাকী । ৰাজ্যত এতিয়া আৰম্ভ হৈছে ঢোল-পেঁপাৰ ৰজভনজননি । ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু নাচ কৰ্মশালা । বিগত বর্ষ সমূহৰ দৰে এইবাৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত দুই এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হৈছে দহ দিনীয়া বিহুনাচ আৰু ঢোল বাদন কৰ্মশালা । কুঁৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত এই কৰ্মশালাত ৫ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ।
