কলবাৰী-দহলাপাৰা সংযোগী ৰেলৱে উৰনীয়া সেতু নিৰ্মানৰ দাবীত প্ৰতিবাদ

কলবাৰী-দহলাপাৰা সংযোগী ৰেলৱে উৰনীয়া সেতু নিৰ্মানৰ দাবীত সহস্ৰাধিক ৰাইজৰ প্ৰতিবাদ। সৰভোগ সমষ্টিৰ কলবাৰী-দহলাপাৰা সংযোগী ৰেলৱে উৰনীয়া সেতু নিৰ্মানৰ দাবীত আজি সহস্ৰাধিক স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্যযোগ্য যে দীর্ঘদিন ধৰি ঠাইখনত এখন ৰেলৱে উৰনীয়া সেতু নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিওঁ আজিলৈকে নিৰ্মাণ হোৱা নাই। যাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে বিপদসংকুল ভাৱে ৰেলৱে পথ পাৰাপাৰ হবলগীয়া হৈছে। বৃহত্তৰ অঞ্চলৰ ৰাইজৰ শশ ছাত্ৰ ছাত্ৰী, শাক পাচলিৰ ব্যৱসায়ী সকলে ৰেলৱে পথ পাৰাপাৰ হবলগীয়া হৈছে। দীৰ্ঘদিন ধৰি ঠাইখনত এখন উৰনীয়া সেতু নাইবা ক্ৰছিং গেট নিৰ্মান কৰিবলৈ দাবী উত্থাপন কৰি আহিছে যদিওঁ কোনো গুৰুত্ব দিয়া নাই ৰেলৱে কৰ্তৃপক্ষৰ লগতে চৰকাৰে। যাৰ ফলস্বৰূপে আজি সহস্ৰাধিক স্থানীয় ৰাইজে ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পৰবৰ্তী সময়ত ঠাইখনত ৰেলৱে উৰনীয়া সেতু নাইবা গেট নিৰ্মান নহয় তেন্তে ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। প্ৰতিবাদকাৰী ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ঠাইখনত এখন ৰেলৱে উৰনীয়া সেতু নাইবা ক্ৰছিং গেট নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *